গুৱাহাটীবাসী চতিয়া সমাজ

আমি ‘গুৱাহাটীবাসী চতিয়া সমাজে’ আপোনাক আদৰণি জনাইছোঁ... WELCOME TO GUWAHATIBASI CHATIA SAMAJ

নমস্কাৰ

Welcome

গুৱাহাটীৰ পল্টনবজাৰৰ পৰা ১৯৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত চতিয়া এখন সৰু ঠাই। নিজৰ কলা-সংস্কৃতি আৰু সাহিত্যৰ প্ৰতি থকা দায়বদ্ধতাই এই নগৰখনলৈ আনি দিছে অপৰিসীম গুৰুত্ব আৰু গৰিমা। এসময়ৰ পাঠ্যপুথিত “ভদ্ৰলোকৰ বাসস্থান” হিচাপে চিনাকি থকা চতিয়াৰ নাগৰিকসকলৰ নিজৰ সংস্কৃতি, কলা, সাহিত্য আৰু ভাষাৰ প্ৰতি থকা নিষ্ঠা এতিয়াও সৰ্বজনবিদিত। উল্লেখযোগ্য যে নদুৱাৰ বুলি কোৱা এটা বৃহৎ এলেকাৰ কেন্দ্ৰবিন্দু হিচাপে গণ্য কৰি ১৯২৯ চনতে চতিয়াত এখন স্কুল প্ৰতিষ্ঠিত হৈছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা এটা বৃহৎ এলেকাৰ বাবে (চাৰিদুৱাৰৰ পৰা ছয়দুৱাৰলৈকে) চতিয়াই আছিল সেই সময়ৰ শিক্ষা আৰু সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ।

ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ সময়তো চতিয়াৰ অৱদান সহজেই চকুত পৰা। ১৯৩২ চনৰ ১৮ মাৰ্চ তাৰিখে মালৰগাৱঁৰ ভূমিধৰ বৰদলৈয়ে তেজপুৰৰ কাছাৰীঘৰৰ চোতালত জিলিকি থকা বৃটিছৰ ইউনিয়ন জেক পতাকাখন তললৈ টানি আনি তাৰঠাইত ভাৰতবৰ্ষৰ মাটিত পোন প্ৰথমবাৰৰ বাবে তিনিবৰণীয়া জাতীয়পতাকাখন উত্তোলন কৰি দেশভক্তিৰ সাহস দেখুৱাবলৈ সমৰ্থ হৈছিল। স্বাধীনতা সংগ্ৰাম তুংগত থকা সময়তে, ১৯৪২ চনৰ ২০ আগষ্ট তাৰিখে, চতিয়া নিৱাসী কেইজনমান সাহসী যুঁজাৰুৱে থানাখন ঘেৰাও কৰি অৰ্তিকিতে জাতীয় পতাকাখন উত্তোলন কৰি সাহসৰ পৰিচয় দিছিল। সাহিত্য, কৃষ্টি, অভিনয়, সংগীত আদি দিশত চতিয়াৰ বৰঙনি উল্লেখযোগ্য। এই সকলো দিশতে সহজে পাব পোৱাকৈ চতিয়াৰ সন্তানে নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে।

২০০৫ চনত, চতিয়াৰ পৰা ওলাই আহি গুৱাহাটিত নিগাজিকৈ থাকিবলৈ লোৱা কেইজনমান দূৰদৰ্শী ব্যক্তিৰ প্ৰচেষ্টাতে জন্ম হয় “গুৱাহাটীবাসী চতিয়া সমাজ”-ৰ। নিজৰ ঐতিহ্য আৰু পৰম্পৰা মনত ৰাখি, এটা পৰিয়ালৰ দৰে একগোট হৈ থাকি, সাম্প্ৰতিক বিশ্বায়নৰ ধামখুমিয়াত আগন্তুক প্ৰজন্মক শিপাৰ লগত পৰিচয় কৰি দি গুৱাহাটীৰ বুকুৱেদি সমগ্ৰ বিশ্বক সেৱা কৰাৰ অভিপ্ৰায়েই এই সমাজৰ মূল লক্ষ্য।

 

Chatia, historically referred to as Sootea during British rule, is a picturesque town located 198 KM from Paltan Bazar, Guwahati. Embodying the rich traditions and vibrant spirit characteristic of Assam’s tinsel towns, Chatia stands out for its remarkable heritage and significant achievements that evoke pride among its residents. Once celebrated as “the abode of gentlemen” in academic textbooks, the town’s legacy is marked by several pivotal milestones. In 1929, Chatia became the site of the region’s first school, establishing itself as an educational hub for the surrounding areas of Naduar.

A defining moment in its history occurred on March 18, 1932, when local hero Bhumidhar Bordoloi (Malargaon) audaciously lowered the Union Jack and raised the national flag at the Tezpur Court, making this a historic first in India. The spirit of resistance continued during the freedom struggle, highlighted by the daring act of freedom fighters on August 20, 1942, who successfully hoisted the tricolor flag at the Chatia Police Station, marking a momentous event in the nation’s quest for independence. Beyond its historical significance, Chatia has made invaluable contributions to Assamese art, culture, and literature, showcasing an unwavering commitment to preserving its rich traditions. The town has been the birthplace of numerous celebrated personalities who have further enriched its cultural tapestry.

In 2005, a group of former residents formed the “Guwahatibasi Chatia Samaj” in Guwahati, aiming to unite the community and serve society while honoring their rich heritage. This organization aims to foster a sense of community and solidarity among its members, serving society while remaining deeply connected to their illustrious heritage and traditions. Chatia continues to thrive as a beacon of cultural pride and resilience.

চতিয়াত জন্ম লোৱা অনেকজন ব্যক্তিয়ে অসমীয়া ভাষা সাহিত্যলৈ তেওঁলোকৰ বৰঙনি আগবঢ়াই আহিছে। তেনে কিছু নতুন আৰু পুৰণি গ্ৰন্থৰ ছবি ইয়াত সন্নিৱিষ্ট হৈছে।

Many persons who born at Chatia have contributed towards enriching Assamese language and literature. Some of such books written by senior and junior authors are being featured here.

চতিয়াৰ পৰা প্ৰকাশ হোৱা আলোচনী, পত্ৰিকা আৰু স্মৃতিগ্ৰন্থ

Magazines, periodicals and memoirs published from Chatia

আমাৰ গৌৰৱ

Our Pride

বীৰাংগনা মূলা গাভৰুৰ মৈদাম

আহোম ৰজা স্বৰ্গদেউ চুপিমফাৰ জীয়াৰী আৰু ফ্ৰাচেংমুং বৰগোহাঞিৰ পত্নী মূলা গাভৰুৱে ১৫৩২ চনত তুৰ্বকৰ লগত হোৱা যুদ্ধত স্বামীৰ মৃত্যুৰ পাছত নিজে হেংদা লৈ হাতীৰ পিঠিত উঠি  ৰণক্ষেত্ৰত যুঁজ দিবলৈ গৈ প্ৰাণ ত্যাগ কৰিছিল। চতিয়াৰ উত্তৰ প্ৰান্তত মূলা গাভৰুৰ মৈদামৰ সন্ধান পোৱা গৈছে। সম্প্ৰতি প্ৰত্নতাত্বিকসকলে ইয়াৰ সত্যাসত্য বিচাৰ কৰি আছে।

Sacred burial of Mula Gabharu

Mula Gabharu, the daughter of Ahom king Supimphaa and the wife of Borgohain Frasengmung fought against the invader Turbak in 1532 after the death of her husband in the battlefield. She epitomized courage and patriotism. Her sacred burial is identified at a place in the north of Chatia. Historian and Archeologists are now examining to verify the fact.   

মাধুৰী আহঁতৰ তলৰ মুকলি বিহু

চতিয়াৰ দক্ষিণ প্ৰান্তত অনুষ্ঠিত হৈ অহা মাধুৰী আহঁতৰ তলৰ মুকলি বিহুমেলাখন অসমৰ আটাইতকৈ পুৰণি মুকলি বিহুমেলা বুলি ঠাৱৰ কৰা হৈছে। ইতিমধ্যে শতবাৰ্ষিকী পাৰ কৰা এই বিহুমেলাখনে  মুকলি বিহুৰ ঐতিহ্য আৰু পৰম্পৰাৰ এক সুদীৰ্ঘ ইতিহাস বহন কৰি আহিছে। 

Mukoli Bihu under the Madhuri Ahot

The Mukli Bihu celebration under the Madhuri Ahot (Peepul) tree in the south of Chatia is believed to be the oldest open Bihu Mela in Assam. The festival has already celebrated its centenary and carries a long history of open Bihumela heritage and tradition.

ইষ্টাণ্টিক ক্লাব

১৯৭৮ চনৰ ১৪ জুন তাৰিখে স্থাপন হোৱা ইষ্টাণ্টিক ক্লাৱ চতিয়াৰ যুৱ সমাজৰ সাহিত্য, কৃষ্টি আৰু ক্ৰীড়াৰ অন্যতম প্ৰাণকেন্দ্ৰ।  বিগত ৪৭ বছৰে এই প্ৰতিষ্ঠানে অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতা আৰু অনুষ্ঠানে চতিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে। চতিয়াৰ নতুন প্ৰজন্মৰ চেনেহৰ এই অনুষ্ঠানে এতিয়া সোনালী জয়ন্তী বৰ্ষ উদযাপনৰ দিশে আগবাঢ়িছে। 

The Iastantic Club

Established on 14th June 1978, Istantic Club is the epicenter of literature, culture and sports of the youth community of Chatia. For the past 47 years, the organization has brought pride to Chatia by organizing various competitions and events. The club is now going to celebrate its Golden Jubilee soon.

                                              নাশংকৰ  দেৱালয় বা নাগশংকৰ মন্দিৰ

চতিয়াৰ এক প্ৰসিদ্ধ পৱিত্ৰ ধৰ্মস্থান নাশংকৰ দেৱালয় বা নাগশংকৰ দেৱালয়। চতিয়াৰ পশ্চিম প্ৰান্তত অৱস্থিত এই দেৱালয় প্ৰতিষ্ঠা হোৱাৰ আনুমানিক সময় চতুৰ্থ শতিকা। লোক পৰম্পৰা মতে নাগ শংকৰ নামৰ লোহিত্ব বংশৰ এজন প্ৰভাৱশালী ৰজাই এই দেৱালয় স্থাপন কৰিছিল। আন এক বিশ্বাস মতে আৰিমত্ত ৰজাইহে এই দেৱালয় স্থাপন কৰিছিল, তেওঁৰেই আন এক নাম আছিল নাগমত্ত। নাগমত্তৰ পৰাই নাগ শংকৰ নামৰ সৃষ্টি হৈছে। প্ৰচলিত আন এক বিশ্বাস মতে সতীৰ মৃতদেহ কান্ধত লৈ ব্ৰহ্মাণ্ড ভ্ৰমন কৰোঁতে সতীৰ নাভিমণ্ডল এই স্থানতেই পৰিছিল। প্ৰথমে নাভিশংকৰ নামে এই ঠাই জনাজাত আছিল আৰু কালক্ৰমত নাগশংকৰ নামেৰে পৰিচিত হৈ পৰিল। আহোম স্বৰ্গদেউ চুচেংফাই এই মন্দিৰৰ মেৰামতি কৰি পুনৰুদ্ধাৰ কৰিছিল ১৪৮০ খ্ৰীষ্টাব্দত। ইয়াত থকা পুখুৰীটোত কেইবাটাও কাছই বাস কৰে। বিশ্বাসমতে এই কাশ্যপকূলৰ বয়স শতাব্দিৰো অধিক। চতিয়াৰ জনপ্ৰিয় পৰ্যটন স্থল হিচাপে নাগশংকৰ দেৱালয় বিখ্যাত।

                                            Nashankar or Naga-Shankar Temple

Nashankar Devalaya or Nagashankar Devalaya is a famous holy place in Chatia. The temple is located on the western edge of Chatia and dates back to the 4th century. According to folk tradition, the temple was built by an influential king of the Lohitva dynasty named Nag Shankar. Another belief is that when Shiva toured the universe taking the body of Sati, the naval part fell in this place and therefore, the name of this temple was originally known as Navishankar and later became Nagashankar. The temple was renovated and restored by the Ahom King Susengpha in 1480 AD. The pond adjacent to the temple is the abode of several tortoises. It is believed that some of them have already lived several centuries. The Nagashankar Temple is famous as a popular tourist destination in Chatia.

অসমৰ ৰাজধানী চহৰ গুৱাহাটীত চতিয়াৰ কিছু সংখ্যক লোক জীৱিকাৰ বাধ্যবাধ্যকতাত আজিকোপতি বসবাস কৰি আহিছে। দৰাচলতেই সেই ব্যক্তিসকল চতিয়াৰ সন্তানৰূপে গৰ্বিত। তেখেতসকলৰ অনেকজন আজি অসমৰ বৰেণ্য আৰু পুৰুধা ব্যক্তি। গুৱাহাটীবাসী হ’লেও শৈশৱ, কৈশোৰ আৰু যৌৱনৰ আৰম্ভনি চতিয়াতে হৈছিল বাবেই চতিয়াৰ স্মৃতিয়ে তেওঁলোকক অনবৰতে আমনি দি থাকে। তেনে কেইগৰাকীমান প্ৰজ্ঞান ব্যক্তিৰ তাগিদাতে গুৱাহাটীৰ বুকুতে জন্ম দিছিল এখন আপোন সমাজৰ, এখন বৌদ্ধিক সমাজৰ, যিখনৰ নাম দিয়া হৈছিল - গুৱাহাটী বাসী চতিয়া সমাজ। সেই প্ৰসৱকালত সমবেত হোৱা বৰেণ্য ব্যক্তিসকলৰ লগতে সমাজৰ সকলো সদস্যকে মই উষ্ম সম্ভাষণ জনাইছো। তেখেতসকলে বিভিন্ন সময়ত আগবঢ়াই যোৱা কৃতকৰ্মৰ শলাগ লৈছোঁ আৰু চতিয়াৰ শিপা অক্ষুন্ন ৰাখি সমাজৰ উত্তৰণৰ বাবে লোৱা প্ৰয়াসক সম্ভাষণ জনাইছো। ওপজা মাটিৰ সৌৰভ দশোদিশে আমোলমোলাই তুলি চতিয়াক স্বাভিমানী কৰি তোলাত অৰিহণা যোগাব বুলি আশা পোষণ কৰিলোঁ।
কৰুণানন্দ হাতীবৰুৱা
প্ৰাক্তন প্ৰধান শিক্ষক, চতিয়া চৰকাৰী নৰ্মাল অভ্যাসন বিদ্যালয়,
ইতিহাসবিদ, লেখক
‘গুৱাহাটীবাসী চতিয়া সমাজ’ মানেই হ’ল এক আবেগ, শিপাৰ সন্ধান, ঐতিহ্যৰ অনুসন্ধান। চতিয়াৰ পৰা গৈ গুৱাহাটী মহানগৰীত বসবাস কৰি, গুৱাহাটীৰ স্থায়ী বাসিন্দা হৈ থকা লোকসকলৰ সংগঠনটোৱে বুকুত কঢ়িয়াই লৈ ফুৰিছে গৰিমাময় চতিয়াখনক। গুৱাহাটী বা সমগ্ৰ অসমতে চতিয়াৰ ঐতিহ্য, গৰিমাক প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰে এই অনুষ্ঠানে। চতিয়াত অনুষ্ঠিত হোৱা সামাজিক-সাংস্কৃতিক কাৰ্যসূচীত পাৰ্য্যমানে সহায় কৰা, সদস্যসকলৰ সুখ-দুখৰ সমভাগী হৈ এটা পৰিয়ালৰ দৰে থকাই এই অনুষ্ঠানৰ পৰম্পৰা। বিপৰ্যয়ৰ সময়ত চতিয়ালৈ বিশেষজ্ঞ চিকিৎসক লৈ গৈ চতিয়াবাসীক চিকিৎসা সেৱা আগবঢ়োৱা, প্ৰয়োজন সাপেক্ষে গুৱাহাটীত সহায় কৰি দিয়া ইত্যাদি সেৱাসমূহো উল্লেখযোগ্য।
চতিয়াৰ গৌৰৱময় ইতিহাস, কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ এই যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ প্ৰতি জনাইছোঁ শুভকামনা।


ড০ অঞ্জন কুমাৰ ওজা
প্ৰাক্তন অধ্যক্ষ, ছয়দুৱাৰ মহাবিদ্যালয়,
লেখক, শিক্ষাবিদ
স্বপ্ন পূৰণৰ বাবে মানুহে বহু কিছু ত্যাগ কৰিব লগা হয় ৷ কিন্তু প্ৰিয় মানুহখিনি ত্যাগ কৰাৰ কষ্টটোৱে বেছি পীড়া দিয়ে ৷জন্মভুমিৰ পৰা আঁতৰত থকা এজন মানুহক সেয়ে নাড়ীৰ টানে কাতৰ কৰি তোলে ৷গুৱাহাটীবাসী চতিয়াৰ সন্তানসকলৰ অন্তৰত অহৰহ নাড়ীৰ টানে পীড়া প্ৰদান কৰি আহিছে ৷ছিন্নমুল হব নোখোজা এইসকল লোকে জন্মভূমিৰ পৰা আঁতৰত থাকিও জন্মঠাইখনৰ প্ৰতি দায়বদ্ধ৷ চতিয়াৰ ধূলি বালিৰে শৈশৱ কৈশোৰ সংপৃক্ত কৰি জীৱিকাৰ তাড়নাত গুৱাহাটীৰ বাসিন্দা হোৱা লোকসকলৰ বহুজন স্বমহিমাৰে উদ্ভাষিত হৈ উঠিছে ৷ বিভিন্ন কৰ্মৰে প্ৰতিষ্ঠিত লোকসকলক ওপজা ঠাইখনৰ সৌৰভে আতুৰ কৰি তোলে ৷সেয়ে জন্মভুমিৰ পৰা বাহিৰত থাকিও নিজৰ ভিতৰতে জন্মভুমিক বিচাৰি পাইছে ৷গাঢ় গভীৰ মমতাবোধৰে নিজৰ ভিতৰতে জন্মভুমিৰ সুগন্ধি অনুভৱ কৰা লোকসকলৰ মহান প্ৰচেষ্টা সঁচা কৈয়ে ধন্যবাদৰ যোগ্য ৷ আশা কৰিছো তেওঁলোকৰ প্ৰচেষ্টাই চতিয়াৰ গুণ গৰিমাক প্ৰসাৰিত কৰিব ৷
প্ৰণৱ ওজা
শিক্ষক, সংবাদদাতা
Scroll to Top