২০০৫ চনত চতিয়াৰ পৰা কৰ্মসংস্থানৰ বাধ্যবাধ্যকতাত গুৱাহাটী মহানগৰীলৈ আহি নিগাজীকৈ থাকিবলৈ লোৱা কেইবাজনো দূৰদৰ্শীলোকৰ তৎপৰতাত জন্ম পাইছিল গুৱাহাটীবাসী চতিয়া সমাজে। ই এক অপেশাদাৰী আৰু অ-বাণিজ্যিক সংগঠন। সমাজৰ পৰিচালনা কৰিবলৈ প্ৰতি দুবছৰৰ ব্যৱধানত একোখন কাৰ্যকৰী কমিটি গঠন কৰি দিয়া হয়। সমাজৰ উদ্দেশ্যৰ লগত সংগতি ৰাখি এই কাৰ্যকৰী কমিটিয়ে বিভিন্ন সামাজিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰ পৰিকল্পনা আৰু তাক বাস্তৱ-ৰূপায়িত কৰে।
The Guwahati Basi Chatia Samaj was born in 2005 with the efforts of several visionaries who came to Guwahati from Chatia for employment and settled there. It is an amateur and non-commercial organisation. An Executive Committee is formed every two years to manage the society. This Executive Committee plans and implements various social and cultural programs in line with the vison and objectives of the society.
গুৱাহাটীবাসী চতিয়া সমাজ -ৰ প্ৰতিষ্ঠাপক সকলৰ কেইজনমান
Founders of the Guwahati Basi Chatia Samaj
VISION OF GUWAHATI BASI CHATIA SAMAJ
We will foster a harmonious and vibrant community that cherishes our rich heritage, celebrates our cultural legacy, and inspires future generations to embody the enduring spirit of pride and resilience.
গুৱাহাটীবাসী চতিয়া সমাজৰ লক্ষ্য
আমি চতিয়াৰ ঐতিহ্য আৰু গৰিমাৰ কথা মনত ৰাখি, নতুন প্ৰজন্ম আৰু আমাৰ পৰস্পৰৰ মাজত ঐক্য আৰু ভাতৃত্বৰ বান্ধোনেৰে বান্ধ খাই, বিশ্বায়নৰ এই কঠিন সময়ত সেৱাৰ মনোভাৱ লৈ সময়ৰ গতিত সাহস আৰু দৃঢ়তাৰে আগবাঢ়ি যাম।
সভাপতিৰ প্ৰাৰম্ভিক কথা
Foreword from President
প্ৰদীপ কুমাৰ শৰ্মা
সভাপতি
Pradeep Kumar Sarma
President
‘গুৱাহাটীবাসী চতিয়া সমাজ’ এক সামাজিক-সাংস্কৃতিক অনুষ্ঠান। বিভিন্ন জনগোষ্ঠীয় লোকেৰে ভৰপূৰ চতিয়া ইতিহাসৰ চেতনা-সমৃদ্ধ প্ৰসিদ্ধ ঠাই। জাতীয় জীৱন আৰু স্বাধীনতা সংগ্ৰামলৈ কৰা চতিয়াৰ অৱদান সৰ্বজনবিদিত। সেয়াই আমাৰ গৌৰৱ।
চতিয়াত জন্মগ্ৰহন কৰা আৰু চাকৰি, ব্যৱসায়, সামাজিক দায়বদ্ধতাৰে গুৱাহাটীত বসবাস কৰিবলৈ লোৱা অগ্ৰজ আদৰণীয় ব্যক্তিসকলে আগৰণুৱা হৈ ২০০৫ চনক ৯ আগষ্টৰ দিনা এই সমাজৰ জন্ম দিয়ে। আজি পৰ্যন্ত সমাজখনৰ বাবে, সাহিত্য-সংস্কৃতিৰ হকে আৰু আৰ্তজনৰ প্ৰতি সাহাৰ্য প্ৰদানত এই সমাজে অহোপুৰুষাৰ্থ যোগদান দি আহিছে।
সমাজখন আমাৰ বাবে এক অপুৰুগীয়া ঐক্য মঞ্চ। ইয়াত অন্তৰংগ আলাপৰ জৰিয়তে সুখানুভূতিৰ সময় অতিবাহিত কৰিব পাৰি। সেয়েহে সুস্থ বাতাবৰণ সৃষ্টি কৰি সমাজখন স্বচ্ছ আৰু সমৃদ্ধিশালী কৰি তুলিবৰ বাবে এটা ‘ৱেব-পৰ্টেল’ সৃষ্টি কৰিবলৈ গুণাগঁথা কৰিয়েই হাতেকামে আগবঢ়া হৈছে। ইয়াত সদস্য-সদস্যাসকলৰ বৃতান্ত পূৰ্ণৰূপে প্ৰকাশ পাব আৰু সমাজৰ উৎকৰ্ষ বিকাশত অনন্য ভূমিকা লৈ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি মোৰ বিশ্বাস।
আহক, আমাৰ পৰিচয় আমিয়েই দাঙি ধৰোঁ।
সম্পাদকৰ মেজৰ পৰা
From the desk of Secretary
অজিত কুমাৰ শইকীয়া
সম্পাদক
Ajit Kumar Saikia
Secretary
নমস্কাৰ! জয়জয়তে আপোনালৈ অভিনন্দন জনালোঁ। গুৱাহাটীবাসী চতিয়া সমাজৰ সমূহ সদস্যলৈও আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছো। এই ৱেবচাইটটোৰ মাধ্যমেৰে আমাৰ পদক্ষেপ আৰু কাম-কাজবোৰ গুৱাহাটীৰ ভিতৰতে সীমাবদ্ধ নাৰাখি পৃথিৱীৰ যিকোনো ঠাইলৈকে বিয়পাই দিয়াৰ প্ৰয়াস কৰিছো। আমাৰ মৰমৰ জন্মভূমি চতিয়াৰ ঐতিহ্য আৰু গৌৰৱ বহন কৰি “গুৱাহাটীবাসী চতিয়া সমাজে” যাতে সমাজ আৰু দহৰ উপকাৰ কৰিব পাৰে, ঘৰৰ পৰা আঁতৰত থাকিও যাতে এটা পৰিয়ালৰ দৰে একগোট হৈ থাকিব পাৰে সেই প্ৰয়াসতেই ৯ আগষ্ট ২০০৫ চনত কেইগৰাকীকমান বিশিষ্ট ব্যক্তিৰ সৎ প্ৰচেষ্টাত জন্ম হৈছিল এই সমাজৰ।এই অনুষ্ঠানৰ জন্মলগ্নৰে পৰাই মই জড়িত হৈ আছো। ওপজাৰ মূহুৰ্তত উপস্থিত থকা সেই মহান ব্যক্তিসকলৰ বহুজনেই ইতিমধ্যে আমাৰ মাজৰ পৰা অজান দেশলৈ গতি কৰিলে। সেইসকল ব্যক্তিৰ ভিতৰত অন্যতম আছিল স্বৰ্গীয় পোৱাল বৰুৱা, স্বৰ্গীয় কেশৱ মহন্ত, স্বৰ্গীয় যজ্ঞেশ্বৰ হাতীবৰুৱা, স্বৰ্গীয়া নিকুঞ্জলতা মহন্ত, স্বৰ্গীয় নিত্যা শইকীয়া, স্বৰ্গীয় ধীৰেণ হাজৰিকা, স্বৰ্গীয় পদুম আজাদ, স্বৰ্গীয় ৰেৱতী মোহন হাজৰিকা, স্বৰ্গীয় দিৱাকৰ কটকী আৰু স্বৰ্গীয় পূণ্য বৰাক আজি সশ্ৰদ্ধে স্মৰণ কৰিলোঁ। তাৰোপৰি আমি অকালতে হেৰুৱালোঁ আমাৰ অন্যতম সহযোগী স্বৰ্গীয় বসন্ত বৰুৱা, স্বৰ্গীয় অৰূপ ওজা, স্বৰ্গীয় ৰাম ওজা, স্বৰ্গীয় নৰেন ওজা, স্বৰ্গীয়া ময়ূৰজ্যোতি শইকীয়া, স্বৰ্গীয় ভবেন শইকীয়া আৰু স্বৰ্গীয়া দীপামণি শইকীয়াক।সকলোৰে আমাৰ অনুষ্ঠানৰ প্ৰতি আগবঢ়োৱা অৱদানক আজি আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছো আৰু তেখেতসকলৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিছো।
আমাৰ সমাজৰ মূল উদ্দেশ্যই হৈছে সুদূৰ চতিয়াৰ পৰা অহা সকলো ভাই-ককাই, বাই-ভণীৰ দৰে একেখন মঞ্চতে ঠিয় হৈ ইজনে সিজনৰ লগত আত্মীয়তাৰে সমাজৰ বাবে ভাল কাম কৰা। এই উদ্দেশ্যকে সৰোগত কৰি ইতিমধ্যেই আমাৰ সমাজৰ তৰফৰ পৰা কেইবালানিও প্ৰচেষ্টা হাতত লোৱা হৈছে। তাৰ ভিতৰত অন্যতম হৈছে ২০০৭ চনৰ ১৩ মে’-ত লতাশিলৰ বিষ্ণু নিৰ্মলা ভৱনত প্ৰথম বাৰৰ বাবে আ়ড়ম্বৰপূৰ্ণভাবে বাৰ্ষিক সমাৰোহ অনুষ্ঠিত কৰাটো। তাৰপাছত ক্ৰমাগতভাবে ২০১৬ চনত শিল্পগ্ৰামত, ২০২০ আৰু ২০২২ চনত দিশপুৰত অৱস্থিত গড়কাপ্তানি বিভাগৰ কনভেনচন আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত বাৰ্ষিক সমাৰোহ অনুষ্ঠিত কৰিছিলোঁ। ২০০৬ চনত প্ৰয়াত যজ্ঞেশ্বৰ হাতীবৰুৱা দেৱক আমাৰ সমাজৰ তৰফৰ পৰা তেখেতৰ বাসভূমি আজাৰালৈ গৈ স্থানীয় ৰাইজৰ উপস্থিতিত সম্বৰ্ধনা জনোৱা হৈছিল। ২০১২ চনত প্ৰৱল বানপানীৰ সময়ত বানৰ কবলত পৰা চতিয়াবাসীৰ ওচৰতো আমাৰ সমাজৰ সদস্যসকল গৈ বানপীড়িতক সাহাৰ্য্য দিয়াৰ লগতে আৰ্তজনৰ ওচৰত সহাৱস্থান কৰি সহায়ৰ হাত আগবঢ়োৱা হৈছিল।
মই আন্তৰিকতাৰে আশা কৰোঁ, অনাগত সময়তো আমি সংগবদ্ধভাবে কাম কৰি আমাৰ ঐতিহ্য বজাই ৰাখিবলৈ আমি দৃঢ়-সংকল্প ল’ম। বিশ্বায়নৰ ধামখুমীয়াত বিভ্ৰান্ত হৈ নগৈ ন প্ৰজন্মক মাটিৰ শিপাৰ লগত চিনাকি কৰি দি জীৱন-যুদ্ধত যুঁজাৰ প্ৰেৰণা দিব পাৰিম। তাৰবাবে আমি সকলোৱেই প্ৰচেষ্টা হাতত ল’ব লাগিব।
কাৰ্যকৰী কমিটি (২০২৪-২৬ বৰ্ষ)
Our Executive Committee (2024-2026)
মুখ্য উপদেষ্টা
Chief Advisor
অধ্যাপক বলীন শৰ্মা
Prof. Balin Sharma
সভাপতি
President
প্ৰদীপ কুমাৰ শৰ্মা
Pradeep Kumar Sarma
উপ-সভাপতি
Vice-President
গগণ মহন্ত
Gagan Mahanta
উপ-সভাপতি
Vice-President
মীনা ফুকন
Meena Phukan
সম্পাদক
Secretary
অজিত কুমাৰ শইকীয়া
Ajit Kumar Saikia
যুটীয়া সম্পাদক
Joint Secretary
প্ৰতুল বৰকটকী
Pratul Barkataky
যুটীয়া সম্পাদক
Joint Secretary
কবিতা বৰা
Kabita Bora
কোষাধ্যক্ষ
Treasurer
প্ৰফুল্ল শইকীয়া
Prafulla Saikia
হিচাপ পৰীক্ষক
Auditor
দীপক কুমাৰ বৰুৱা
Dipak Kumar Baruah
কাৰ্যকৰী সদস্য
Executive Member
উপেন শইকীয়া
Upen Saikia
কাৰ্যকৰী সদস্য
Executive Member
ভৱানী হাজৰিকা
Bhabani Hazarika
কাৰ্যকৰী সদস্য
Executive Member
তিলক মহন্ত
Tilak Mahanta
কাৰ্যকৰী সদস্য
Executive Member
মদন মোহন শইকীয়া
Madan Mohan Saikia
কাৰ্যকৰী সদস্য
Executive Member
ডাঃ ভাৰতী বৰকটকী
Dr. Bharati Barkataki
কাৰ্যকৰী সদস্য
Executive Member
পল্লৱ কুমাৰ বৰুৱা
Pallab Kr. Baruah
কাৰ্যকৰী সদস্য
Executive Member
ড০ অজন্তা ওজা
Dr. Ajanta Ojah
কাৰ্যকৰী সদস্য
Executive Member
অঞ্জুমনি বৰুৱা (লাকি)
Anjumani Baruah (Lucky)
কাৰ্যকৰী সদস্য
Executive Member
মীনাক্ষী বৰুৱা
Minakshee Baruah
কাৰ্যকৰী সদস্য
Executive Member
ৰাজীৱ বৰকটকী
Rajiv Barkataky
কাৰ্যকৰী সদস্য
Executive Member
ৰিতুৎপল বৰদলৈ
Ritutpal –Bordoloiloi
কাৰ্যকৰী সদস্য
Executive Member